হাজোত নতুন মূখৰ সন্ধানত বিজেপি

আসন এৰি নিদিয়ে অগপক

হাজোৰখবৰ,২৫জুলাই:সমাগত ২০২১ৰ অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ৰাজনৈতিক দলত আৰম্ভ হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰীক কুচকাৱাজ। ৫৫নং হাজো বিধান সভা সমষ্টিতো অসম প্ৰদেশ বিজেপিয়েও আৰম্ভ কৰিছে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া।

এক বিশেষ সুত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি হাজো সমষ্টি মিত্ৰদল অগপক এৰি দিৱ বুলি যি চৰ্চা আৰম্ভ হৈছে সেয়া অমূলক। কোনো কাৰণতে হাজো এৰিব খোজা নাই বিজেপিয়ে। অৱশ্যে হাজোত নতুন মুখৰ সন্ধানত নামি পৰিছে অসম প্ৰদেশ বিজপি। সেই খবৰ কিন্তু নুই কৰা নাই বিশেষ সুত্ৰটোয়ে। এই সূত্ৰৰ খবৰ মতে : ‘ এতিয়াও সম্পূৰ্ণ পৰ্য্যবেক্ষণত আছে হাজো, ২০২১ত  আমি তৃণমূল কৰ্মীৰ মতামত লৈহে আগবাঢ়িম। আমি প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কোনো ভূল কৰিব খোজা নাই।’ সেয়া সত্য হলে হাজোৰ বৰ্তমানৰ বিধায়িকা সুমন হৰিপ্ৰীয়াই হেৰুৱাব লাগিব নিজৰ সমষ্টি।



Leave a Reply

Your email address will not be published. Required fields are marked *