হাজোত একাধিক আধাৰশিলা স্থাপন সাংসদ-বিধায়িকাৰ
আজি হাজোৰ কেইবাঠাইত কেইবাটাওঁ আধাৰশিলা স্থাপন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওঁজা আৰু হাজো সমষ্টিৰ স্থানীয় বিধায়িকা সুমন হৰিপ্ৰীয়াই। হাজোৰ হৈনাদিত এক মাঙ্গলিক পৰিৱেশৰ মাজেৰে মন্দিৰৰ সভাঘৰ এটাৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা সুমন হৰিপ্ৰীয়াই। ইয়াৰোপৰি হাজোৰ অভয়পুৰ আৰু চৰাবঢ়ী সংযোগী এটা পথৰ আধাৰশিলা স্থাপন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওঁজাই। প্ৰধানমন্ত্ৰীৰ গ্ৰাম চঢ়ক যোজনাৰ অধিনত নিৰ্মাণ হৱলগীয়া উক্ত পথছোৱাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সাংসদ গৰাকীৰ লগতে স্থানীয় বিধায়িকা সহ কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰিতা তালুকদাৰ, বিজেপি নেতা ৰমণী মালাকাৰ,ৰাতুল শৰ্মা, জিতেন্দ্ৰ পাটোৱাৰীও উপস্থিত থাকে।