হাজোত ধৃত ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ
বাবুল মেধিৰ নেতৃত্বত হাজো আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি গ্ৰেপ্তাৰ কৰে এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। মতিউৰ ৰহমান নামৰ শনিয়াদি অঞ্চলৰ এই যুৱকজনে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সেৱন কৰি আহিছিল আৰু এতিয়া ড্ৰাগছৰ বেপাৰ আৰম্ভ কৰাৰ কথা স্বীকাৰ কৰিছে। হাজো আৰক্ষীয়ে অভিযান কালত কেইবা হাজাৰ টকা নগদ ধন সহ কেইবাটাওঁ ড্ৰাগছৰ কনটেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। হাজো আৰক্ষীৰ এই তৎপৰতাত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল তথা সংগঠনে।