সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে হাজোত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তাল প্ৰতিবাদ

উত্তৰ কামৰূপ জিলা যুৱ মৰ্চা – উত্তৰ হাজো মণ্ডল বিজেপি আৰু হাজো মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আজি সাংবাদিক অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্য্যৰ তিব্ৰ প্ৰতিবাদ কল্পে এক প্ৰতিবাদী সমদল উলিওৱা হয়।বিজেপি মণ্ডল কাৰ্যালয়ৰ পৰা হাজো চক্ৰ বিষয়াৰ কাৰ্যলয়লৈ এই প্ৰতিবাদী সমদল আগবাঢ়ে।উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি নন্দন তালুকদাৰ,সাধাৰণ সম্পাদক গৌতম কলিতা,
উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি বেদান্ত শৰ্মা,উত্তৰ হাজো মণ্ডলৰ সভাপতি অপূৰ্ব মজুমদাৰ,হাজো মণ্ডল যুৱ মৰ্চাৰ সভাপতি সঞ্জীৱ শৰ্মা সহ ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাস, হাজো মণ্ডল বিজেপি সভাপতি ভূপেন কলিতা আৰু বিজেপি নেতা জিতেন্দ্ৰ পাটোৱাৰীয়ে প্ৰতিবাদী সমদলটোক নেতৃত্ব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *