পুথিমাৰী নদীত অবৈধ খনন!
কি আছে গোপন অংক?
হাজোৰ এক বানবিধ্বস্ত অঞ্চল হাদালা। এই হাদালা অঞ্চলৰ সমীপৱৰ্ত্তী পুথিমাৰী নদীত বৰ্তমান চলি আছে অবৈধ খনন। অসংখ্য ট্ৰেক্টৰ ডাম্পাৰে দিনে নিশাই কঢ়িয়াই লৈ গৈ আছে পুথিমাৰী নদীৰ মাটি। উল্লেখযোগ্য যে পুথিমাৰী নদীৰ বাঢ়নী পানীৰ পৰা বৃহত্তৰ অঞ্চলটোক ৰক্ষা কৰিৱলৈ জলসম্পদ বিভাগে বন্ধা মাথাউৰিৰ ওপৰেৰে দিনে নিশাই চলিছে এই মাটি ভৰ্ত্তি গঢুৰ ডাম্পাৰ সমূহৰ যাতায়ত। ফলশ্ৰুতিত এই মাথাউৰি সমূহলৈ আহি পৰিছে তিব্ৰ সংকট। কিন্তু আঁচৰিত ধৰণে হাজো বন সংমণ্ডল এই পৰ্যন্ত হৈ আছে নীৰব! কিবা গোপন অংকৰ বিনিময়ত হাজো বন সংমণ্ডলে কাৰোবাক দিছে নেকি মাটি খননৰ অনুমতি! ‘হাজোৰখবৰে’ অতি সোনকালে উদঘাটন কৰিম আঁৰৰ ৰহস্য।