ৰামদিয়াত মাছ মাৰিবলৈ আহি সলিল সমাধি দামপুৰৰ এজন ব্যক্তি

ঘটনাস্থলীত উপস্থিত হৈছে SDRFৰ জোৱান

এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃতদেহ

ৰামদিয়াৰ বঙালটোলাৰ ক’লাজল নদীত মাছ মাৰিবলৈ আহি সলিল সমাধি ঘটে দামপুৰৰ সৰু সোৱনচাহ চুবৰীৰৰ জনৈক আলী উপাধিৰ এজন ব্যক্তিৰ। ঘটনাৰ বিৱৰণ অনুসৰি দামপুৰ সৰু সোৱনচাহ চুবুৰীৰৰ পেছাত মূৰ্গী ব্যৱসায়ী আলী উপাধিৰ এজন লোকে নিজ পুত্ৰৰ লগত মাছ মাৰিব আহিছিল বঙালটোলাৰ ক’লাজল নদীলৈ। দূৰ্ভাগ্যবশ:ত তেওঁলোকৰ জাল খন পানীত পৰি যোৱাত জাল খন তুলিবলৈ ডুব মাৰে আলীয়ে। ইয়াৰ পিছতে সন্ধানহীন হৈ পৰে ব্যক্তি জন। ঘটনাস্থলীত SDRF ৰ ডুবাৰু জোৱানে মৃতদেহ বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল যদিও এই পৰ্য্যন্ত মৃতদেহ উদ্ধাৰ কৰিৱলৈ সক্ষম হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *