বিধায়িকাৰ অনিহা:উত্তৰ দিয়ক বিধায়িকা সুমন হৰিপ্ৰীয়াই

প্ৰকৃততে ছাত্ৰ সমাজৰ প্ৰতি দায়বদ্ধ হয় নে সদৌ অসম ছাত্ৰ সন্থা!!

প্ৰসঙ্গ: হাজো পলিটেকনিক

প্ৰকৃততে ছাত্ৰ সমাজৰ প্ৰতি দায়বদ্ধ নে সদৌ অসম ছাত্র সন্থা! নে ছাত্রৰ নাম লৈ ৰাজনৈতিক, অৰ্থনৈতিক মুনাফা লাভ কৰা সংগঠনলৈ পৰ্যবসিত হৈছে আছু। ছাত্র সমাজৰ সমস্যা সমূহকলৈ তিল মানো দায়বদ্ধতা আছে নে ছাত্র সন্থাৰ! এনে বহু পশ্নৰ উত্তৰ দিৱলৈ সাহস আছেনে বিশেষকৈ হাজোৰ ছাত্র নেতা সকলৰ! কিছুদিন পূৰ্বে ‘হাজোৰখবৰ’ ত প্ৰকাশ কৰা হৈছিল হাজোত অসম চৰকাৰৰ কাৰিকৰী শিক্ষা বিভাগৰ প্ৰস্তাৱিত পলিটেকনিক শিক্ষানুষ্ঠান খন নিৰ্মাণৰ কিছু আঁৰৰ কথা। প্ৰস্তাৱিত পলিটেকনিক শিক্ষানুষ্ঠান খনৰ বাবে আৱন্টিত অনুপযুক্ত ভূমিৰ বাবেই শিক্ষানুষ্ঠান খনৰ নিৰ্মাণত আহি পৰিছে চৰম অনিশ্চয়তা। এই সংক্ৰান্তত হাজোৰ শিক্ষাজগতৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি হাজোৰখবৰে আৰম্ভ কৰিছিলোঁ এক অনুসন্ধান । এই অনুসন্ধানতে পোহৰলৈ আহিছিল পলিটেকনিক শিক্ষানুষ্ঠান খন নিৰ্মাণৰ ক্ষেত্ৰত দেখা দিয়া চৰম অনিশ্চয়তা। এই অনিশ্চয়তাৰ বাতৰি প্ৰকাশ কৰাৰ পিছতো আচৰিত ধৰণে এতিয়ালৈকে নিশ্চুপ হৈ আছে হাজোৰ বিভিন্ন দল সংগঠন। ব্যতিক্ৰম নহয় সদৌ অসম ছাত্ৰ সন্থায়ো। ছাত্ৰ সমাজৰ নাম লৈ ৰাজনৈতিক দল খুলি ৰাজনৈতিক নেতা হোৱাৰ কুচকাৱাজ চলাই থকা ছাত্র নেতা সকলে কিয় পাহৰি যায় ছাত্ৰ সমাজৰ সমস্যা সমূহ! হাজোৰ এই বৃহৎ শিক্ষানুষ্ঠান খনৰ প্ৰতি কোনো দায়বদ্ধতা নাই নেকি ছাত্ৰ সন্থাৰ!! হাজোৰ সন্তান হৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহ: সাধাৰণ সম্পাদক পদৰ দৰে এক গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি থকা প্ৰকাশ চন্দ্ৰ দাসো যেন নিশ্চুপ এই ক্ষেত্ৰত! তেওঁৰো এই ক্ষেত্ৰত একো কৰণীয় নাই নেকি!! হাজোৰ প্ৰতি তেওঁৰ এয়ে দায়বদ্ধতা নেকি!! হাজোৰ শিক্ষা জগতলৈ অভূতপূৰ্ব সম্ভাৱনা কঢ়িয়াই অনাৰ আঁশাৰে অসম চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত হাজো পলিটেকনিক শিক্ষানুষ্ঠান খন নিৰ্মাণৰ ক্ষেত্ৰত অতি সম্প্ৰতি যেন কিছু পৰিমাণে অনিহা দেখুৱাইছে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়ায়ো। সেয়েহে এক অনিশ্চিত দিশত গতি কৰিছে হাজো পলিটেকনিক শিক্ষানুষ্ঠানে।

Leave a Reply

Your email address will not be published. Required fields are marked *