ৰামদিয়াৰ আধাৰ কেন্দ্ৰত তিব্ৰ উত্তেজনা

আধাৰ কাৰ্ডৰ বাবে ধন সংগ্ৰহৰ অভিযোগ আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে

ৰামদিয়াৰ স্বহীদ খগেন ভৰালী গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সংলগ্ন হৈ থকা আধাৰ কাৰ্ড কেন্দ্ৰত আজি তিব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণী মতে আধাৰ কেন্দ্ৰটোত নিয়োজিত হৈ থকা একাংশ কৰ্মচাৰীয়ে অসৎ পন্থা অৱলম্বন কৰি দীৰ্ঘ দিনৰ পৰা কেন্দ্ৰটোত ধনৰ লেনদেনেৰে আধাৰ কাৰ্ড তৈয়াৰ কৰি আহিছিল আৰু ধন নোপোৱা লোক সকলক অযথা হাৰাশাস্তি কৰাৰ অভিযোগ আছিল।আজি ইয়াৰে গয়না লৈ উপস্থিত একাংশ আধাৰ প্ৰাৰ্থীয়ে তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আধাৰ কেন্দ্ৰটোৰ পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে কেন্দ্ৰটোত নিয়োজিত হৈ থকা কৰ্মচাৰী সকলক শাৰীৰিক ভাৱে অপদস্ত কৰাৰো চেষ্টা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *