হাজো ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত

কৃষক বিৰোধী কৃষি আইনৰ বিৰুদ্ধে

হাজোত কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

সংসদত সদ্য গৃহীত কৃষি সম্পৰ্কীয় বিলৰ তিব্ৰ বিৰোধিতাৰে তথা এই আইন বাতিলৰ দাবীত আজি হাজোৰ ৰাজপথত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য সকলে। সমগ্র অসমৰ লগতে হাজো ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়িত এই বিক্ষোভ তথা ধৰ্ণা কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক তথা হাজোৰ প্ৰাক্তন বিধায়ক দ্বীপেন পাঠক,জেষ্ঠ কংগ্ৰেছ নেতা নূৰ মহম্মদ প্ৰমূখ্যে হাজো ব্লক কংগ্ৰেছৰ সভাপতি ৰুবুল আলী , মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী প্ৰণিতা মালাকাৰকে ধৰি হাজোৰ কেইবাশতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *