APCC ৰ মূখপাত্ৰ দিলীপ শৰ্মাৰ সংবাদ মেল

হাজোত কৃষি আৰু মীন বিভাগৰ জিলা কাৰ্যালয় আৰু উদ্যোগিক পাম স্থাপনৰ দাবী ।

ঐতিহাসিক হাজো ৰাজ্যখনৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি । ইতিহাস প্ৰসিদ্ধ হয়গ্ৰীৱ মাধৱ মন্দিৰকে ধৰি পঞ্চতীৰ্থ আৰু পোৱামক্কা দৰগাহৰ অৱস্থিতিয়ে হাজোক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে । হিন্দু-মুছলমানৰ সমন্বয়ভূমি হাজো ৰাজনৈতিক ভাৱেও এটা গুৰুত্বপূৰ্ণ সমষ্টি । হাজোৰে সু-সন্তান তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিষ্ণু্ুৰাম মেধিৰ দৰে বৰেণ্য ব্যক্তিয়ে এসময়ত হাজোক প্ৰতিনিধিত্ব কৰিছিল । কিন্তু অতি পৰিতাপৰ কথা যে গুৱাহাটী মহানগৰীৰ অতি নিকটৱৰ্তী হোৱা সত্বেও হাজো কামৰূপ জিলাৰ অন্যান্য সমষ্টিৰ তুলনাত আজিও ভালেখিনি পিছপৰা। হাজো মূলতঃ কৃষিপ্ৰধান এলেকা । ফুলৰ খেতি আৰু মাছ উৎপাদনৰ বাবেওঁ হাজো বিখ্যাত । ফুল আৰু মাছৰ উৎপাদন আৰু ব্যৱসায়ৰ সৈতে হাজোৰ এক বৃহৎ সংখ্যক পৰিয়াল জড়িত হৈ আহিছে । ফুল আৰু মাছৰ উৎপাদনৰ ক্ষেত্ৰত চৰকাৰে যদি অধিক মনোনিৱেশ কৰে অঞ্চলটোত অধিক উৎপাদন বঢ়াব পৰা যাৱ লগতে বৃহৎ সংখ্যক লোকৰ সংস্থাপনৰ পথো মুকলি হব । তদুপৰি যিহেতু জিলাখনৰ ভিতৰতে হাজোত অধিক মাছ আৰু ফুল উৎপাদন হয় সেয়ে মীন আৰু কৃষি , উদ্যান শস্য বিভাগৰ জিলা কাৰ্যালয় দুটা হাজোত স্থাপন কৰিৱলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মূখপাত্ৰ দিলীপ কুমাৰ শৰ্মাই ।
দ্বিতীয়তে অঞ্চল এটাৰ উন্নয়নৰ অন্যতম মাপকাঠি যিহেতু উদ্যোগ । সেয়ে হাজোত উদ্যোগ স্থাপনৰ বাবেওঁ চৰকাৰে চিন্তা কৰা উচিত । দেশৰ আৰু ৰাজ্যৰ উদ্যোগপতি সকলক উৎসাহিত কৰিৱলৈ সম্পূৰ্ণ আন্তঃগাঠনি সহ: হাজোত এখন উদ্যোগিক পাম নিৰ্মাণ কৰিৱলৈওঁ অসম চৰকাৰক দাবী জনাইছে দিলীপ কুমাৰ শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *