ATTENTION বিধায়িকা সুমন হৰিপ্ৰীয়া

অনিশ্চয়তাত হাজো পলিটেকনিক শিক্ষা প্ৰতিষ্ঠান

হাজোবাসীৰ স্বপ্নই নাপাৱ নেকি পূৰ্ণতা??

অসম চৰকাৰৰ ২০১৮-১৯ বৃত্তীয় বৰ্ষত অনুমোদন লাভ কৰা হাজোবাসীৰ স্বপ্ন স্বৰূপ হজো পলিটেকনিক শিক্ষা প্ৰতিষ্ঠান খনলৈ নামি আহিছে চৰম অনিশ্চয়তা। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে ২০১৮ চনতে হাজো মৌজাৰ নিজ হাজো গাওঁৰ ১৫২৫ দাগ নম্বৰৰ ২০ বিঘা ভূমি হাজো পলিটেকনিক শিক্ষানুষ্ঠানৰ বাবে আৱণ্টন দিছিল। ভূমি আৱন্টন পত্ৰত স্পষ্ট ভাৱে উল্লেখ আছে যে যদিহে আৱন্টিত তাৰিখৰ পৰা তিনি বছৰৰ ভিতৰত উক্ত শিক্ষানুষ্ঠান খনৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰা নহয় তেন্তে উক্ত ভূমিৰ আৱণ্টন বাতিল কৰা হৱ। হাজো পলিটেকনিক শিক্ষা প্ৰতিষ্ঠান খনৰ নিৰ্মানৰ দায়িত্ব লাভ কৰা  নিৰ্মাণ প্ৰতিষ্ঠানটোয়ে জানিৱলৈ দিয়া মতে হাজোৰ যি ভূমি হাজো পলিটেকনিক শিক্ষানুষ্ঠান খনক আৱন্টন দিয়া হৈছে উক্ত ভূমি শিক্ষানুষ্ঠান খনৰ বাবে উপযুক্ত নহয়। ইয়াৰোপৰি শিক্ষানুষ্ঠান খনৰ বাবে আৱন্টিত ভূমি যথেষ্ট পাহাৰীয়া হোৱা বাবে ইয়াৰ আনুষংগিক নিৰ্মাণ ব্যয় বাজেটত ধাৰ্য্য কৰা ধনেৰে সম্ভৱ নহয়। ইয়াৰ বাবে অতিৰিক্ত পূজিৰ আৱশ্যক হৱ। চৰকাৰে ধাৰ্য্য কৰা ৫০ কোটি টকাৰে নিৰ্মাণ অসম্ভৱ হাজো পলিটেকনিক শিক্ষানুষ্ঠানৰ। সেয়েহে এতিয়া চৰম অনিশ্চয়তা দেখা দিছে হাজো পলিটেকনিক শিক্ষানুষ্ঠান নিৰ্মাণত। এই সংক্ৰান্তত এক পত্ৰ নিৰ্মাণ সংস্থাটোয়ে অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ গৃহ নিৰ্মাণ শাখাৰ মূখ্য অভিযন্তালৈ পত্ৰ প্ৰেৰণ কৰিছিল। মূখ্য অভিযন্তা গৰাকীয়ে আকৌ এই পত্ৰৰ উদ্ধৃতিৰে যোৱা ২৭ফেব্ৰুৱাৰী তাৰিখে কাৰিকৰী শিক্ষা সঞ্চালকক এক পত্ৰযোগে সমস্ত পৰিঘটনা অৱগত কৰাই আৰু অন্য সুচল ভূমি প্ৰতিষ্ঠানটোৰ বাবে আৱন্টনৰ প্ৰস্তাৱ আগবঢ়াই। কিন্তু অতি আশ্চৰ্যজনক ভাৱে যোৱা ১৪ আগষ্ট তাৰিখে কাৰিকৰী শিক্ষা সঞ্চালকে গড়কাপ্তানী বিভাগৰ গৃহ নিৰ্মাণ শাখাৰ মূখ্য অভিযন্তালৈ এক পত্ৰ যোগে পূৰ্বে আৱন্টিত অনুপযুক্ত ভূমিতে শিক্ষানুষ্ঠান খন নিৰ্মাণ কৰাৰ বাবে নিৰ্দেশ দিয়ে যদিও নিৰ্মাণ প্ৰতিষ্ঠানটোয়ে উল্লেখ কৰা অতিৰিক্ত ধনৰ কোনো উল্লেখ নাই উক্ত পত্ৰত।



Leave a Reply

Your email address will not be published. Required fields are marked *