অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা তৎকালে বাতিল

প্ৰশ্নকাকত ফাদিলৰ অভিযোগ, বিমোৰত পৰীক্ষাৰ্থী

অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰাক্ ক্ষনতে আৰম্ভ হৈছিল কেৰোণ। সংবাদ মাধ্যমত ভাইৰেল হৈছিল অসম আৰক্ষীৰ এটা উপ-পৰিদৰ্শক পদৰ বাবে চাৰি লাখ টকাৰ দৰ-দামৰ অডিও ক্লিপ ‌। আজি হাজোৰ কেইবাখনো শিক্ষানুষ্ঠানৰ লগতে সমগ্ৰ অসমত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা। আজি কেইবাটাওঁ সংবাদ মাধ্যমৰ যোগেদি অসমৰ কোনো কোনো ঠাইত প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে অসম আৰক্ষী নিযুক্তি বোৰ্ডৰ অধ্যক্ষই তৎকালে বলবৎ হোৱাকৈ বাতিল কৰিলে আজিৰ লিখিত পৰীক্ষা ।

Leave a Reply

Your email address will not be published. Required fields are marked *