বিজেপি উত্তৰ কামৰূপ জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি হাজোত

পঞ্চতীৰ্থ শংকৰদেৱ শিশু /বিদ্যা নিকেতন ,হাজোত অনুষ্ঠিত হয় এই সভা

আজি হাজোৰ পঞ্চতীৰ্থ শংকৰদেৱ শিশু বিদ্যা নিকেতনত উত্তৰ কামৰূপ জিলা বিজেপিৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বিজেপি উত্তৰ কামৰূপ জিলাৰ সভাপতি নন্দন তালুকদাৰে দলীয় পতাকা উত্তোলন কৰাৰ পিছত দিনৰ ১১ বজাত প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত উত্তৰ কামৰূপ জিলা বিজেপিৰ বিভিন্ন বিষয়ববীয়া সহ যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি অনুপ বৰ্মনৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা , প্ৰাক্তন সাংসদ ৰমেন ডেকা, হাজো সমষ্টিৰ স্থানীয় বিধায়িকা সুমন হৰিপ্ৰীয়া ,ATDC ৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা উপস্থিত থাকে। সভাখনত অহা ২০২১ ৰ নিৰ্বাচনত দলীয় কাৰ্যকৰ্তা সকলক ১০০+ৰ সপোন পূৰণৰ বাবে মাৰবান্ধি থিয় দিৱলৈ আহ্বান জনোৱাৰ লগতে বিৰোধী কংগ্ৰেছ দলক তুলাধূলা দিয়ে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। সভাত উপস্থিত থাকে উত্তৰ কামৰূপ জিলা বিজেপিৰ প্ৰভাৰী স্বপ্ননীল বৰুৱায়ো।

Leave a Reply

Your email address will not be published. Required fields are marked *