ৰামদিয়াত সুধাকন্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম দিৱস উদযাপন

সমন্বয় সাংস্কৃতিক বিকাশ মঞ্চ,ৰামদিয়াৰ বিশেষ উদ্যোগ

বিশ্ব বৰেণ্য শিল্পী অসমী আইৰ অমৃত সন্তান সুধাকন্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৯৪ সংখ্যক জন্ম দিৱস সমগ্ৰ ৰাজ্যৰ লগতে ৰামদিয়াতো পালন কৰা হয় সমন্বয় সাংস্কৃতিক বিকাশ মঞ্চ ,ৰামদিয়াৰ উদ্যোগত। ৰামদিয়াৰ বঙালটোলা চৈতন্য সত্ৰ প্ৰাঙ্গনত পালিত উক্ত অনুষ্ঠানত ড’ ভূপেন হাজৰিকাদেৱৰ প্ৰতিকৃতিত মালাৰ্পন কৰে চৈতন্য সত্ৰৰ মেধি ধনীৰাম দাসে। বন্তি প্ৰজ্বালন কৰে অৱসৰী শিক্ষক বৰুণ তালুকদাৰ আৰু মতিৰাম দাসে ৷ প্ৰনৱ ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত ৰামদিয়াৰ ওঁজা শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভূৱনেশ্বৰ ওঁজাদেৱৰ জীৱন ভিত্তিত ৰজত চন্দ্ৰ ভৰালীয়ে সম্পাদনা কৰা ‘লোকশিল্পী ভূৱনেশ্বৰ ওঁজা’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। উক্ত সভাতে সমন্বয় সাংস্কৃতিক বিকাশ মঞ্চ, ৰামদিয়াৰ উদ্যোগত যোৱা ১৫ আগষ্ট তাৰিখত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা দেশপ্ৰেমমূলক অনলাইন সঙ্গীত প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ শেষত সমন্বয় সাংস্কৃতিক বিকাশ মঞ্চ, ৰামদিয়াৰ সম্পাদক অমৰেন্দ্ৰ দাসে শলাগৰ শৰাই যাছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *