হাজোত ধৰ্মীয় সমন্বয়লৈ আহিছে সংকট

আঁৰত একাংশ হাজোৰ যুৱ প্ৰজন্ম

হাজোৰ সাতামপুৰুষীয়া ঐতিহ্য তথা ধৰ্মীয় সমন্বয়লৈ আহিছে অঁশনি সংকট। হাজো হৈছে হিন্দু-মূছলমানৰ সমন্বয়ৰ মিলনভূমি। এই হাজোতে অৱস্থিত বিখ্যাত শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ সমন্বিতে পঞ্চতীৰ্থ আৰু পুৱামক্কা। এফালে ৰাজ্যৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ যিদৰে সোঁত বয় হাজোৰ পঞ্চতীৰ্থলৈ ঠিক একেদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সোঁত বয় হাজোৰ পুৱামক্কালৈ। ইমানদিনে হাজোৰ হিন্দু-মূছলমানৰ সমন্বয়লৈ কোনো প্ৰশ্নবোধকৰ সৃষ্টি হোৱা নাছিল যদিওঁ শেহতীয়াকৈ হাজোৰ পৰিৱেশ হৈছে কিছু উদ্বেগজনক। লাভ জেহাদৰ নাম লৈ একাংশ ইছলাম ধৰ্মৰ যুৱকে হিন্দু যুৱতী সকলক কৰা প্ৰতাৰণাৰ দুই এক ঘটনা সংঘটিত হৈছে হাজোত। বিভিন্ন অপকৰ্মেৰে একাংশ ইছলাম ধৰ্মীয় যুৱকে হাজোৰ বিভিন্ন অঞ্চলক কৰিছে কলুষিত। ইয়াৰ আলম লৈয়ে একাংশ হিন্দু যুৱকো অতি উত্ৰাৱল হৈ পৰা পৰিলক্ষিত হৈছে। স্বজাতি ৰক্ষাৰ দোঁহাই দি বা ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত তেওঁলোকেও যেন আৰম্ভ কৰিছে কিছু প্ৰক্ৰিয়া। যোৱাকালি হাজোত উপস্থিত হোৱা বিতৰ্কিত সত্যৰঞ্জন আৰু ইয়াৰ পৰা উদ্ভুত পৰিস্থিতিয়ে যেন তাৰেই ইংগিত দি গ’ল। এতিয়া সময় থাকোতেই যদি বৃহত্তৰ হাজোৰ জনসাধাৰণ সজাগ নহয় অনাগত দু:সময়ে কিন্তু কাকো ৰেহাই নিদিব। হাজোৰ হিন্দু-মূছলমানৰ সমন্বয়ৰ এনাজৰী এতিয়া চৰম সংকটত পৰা যেন পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *