হাজোত বিতৰ্কিত লেখক সত্যৰঞ্জন বৰা

বাঘ হাজৰিকা ঐক্য মঞ্চৰ প্ৰতিবাদ

আজি হাজোত উপস্থিত হৈছে শেহতীয়াকৈ ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ‘কোৰান শ্বৰিফ’ৰ ওপৰত বিতৰ্কিত মন্তব্য প্ৰদান কৰি ৰাজ্যজুৰি বিতৰ্কৰ সমল হৈ পৰা সত্যৰঞ্জন বৰা।

সত্যৰঞ্জন বৰাই পোন প্ৰথমে হাজোৰ হৰগৌৰী মন্দিৰত উপস্থিত হৈ হাজো বজৰং দলৰ সদস্য সকলৰে মত বিনিময় কৰাৰ পিছত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰে। হাজোৰ হিন্দু মুছলমানৰ সমন্বয়ৰ ভূমিত তথাকথিত তথা বিতৰ্কিত ব্যক্তি সত্যৰঞ্জন বৰাৰ আগমনত জাঙুৰ খাই উঠিছে বাঘ হাজৰিকা ঐক্যমঞ্চ। আজি হাজো আৰক্ষী থানাৰ সন্মুখত বাঘ হাজৰিকা ঐক্যমঞ্চৰ সদস্য সকলে সত্যৰঞ্জন বৰাৰ হাজো পদাৰ্পনত তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *