হাজোত কংগ্ৰেছৰ উত্তৰসুৰি কোন?

দ্বীপেন-দিলীপ- মৃদুল নে নেকিব- নুৰমহম্মদ ?

কংগ্ৰেছ দলৰ পৰা দুলু আহমেদৰ পদত্যাগৰ লগে লগে হাজো সমষ্টিত কংগ্ৰেছ দলৰ উত্তৰসুৰি কোন হ’ৱ তাক লৈ চলিছে ব্যাপক জল্পনা কল্পনা। বিগত লোকসভাৰ ভোট পৰিসংখ্যা মতে হাজোত আছে কংগ্ৰেছৰ এক দৃঢ় স্থিতি। সৰ্বজন বিদিত যে দুলু আহমেদৰ নিৰলস তথা ঐকান্তিক প্ৰচেষ্টাত হাজোত কংগ্ৰেছৰ এটা ভাল সংগঠন এতিয়াওঁ আছে। বৰ্তমান যদিওঁ দুলু আহমেদ কংগ্ৰেছ দলত নাই তথাপিওঁ কংগ্ৰেছৰ সংগঠন কিন্তু হাজোত নিস্প্ৰভ হোৱা পৰিলক্ষিত হোৱা নাই। হাজোৰ প্ৰাক্তন বিধায়ক দ্বীপেন পাঠক আহিছে কংগ্ৰেছলৈ। আশা পুনৰ হাজো সমষ্টিৰ পৰা বিধায়ক হোৱা। অসম প্ৰদেশ কংগ্ৰেছৰ মূখপাত্ৰ তথা ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজ সংগঠনৰ অসমৰ আহ্বায়ক দিলীপ কুমাৰ শৰ্মাওঁ আছে হাজোত। দলীয় দায়িত্ব পালনেৰে তেওঁ ইতিমধ্যে হাজো সমষ্টিৰ বিভিন্ন ঠাইত আৰম্ভ কৰিছে তৎপৰতা। হাজোৰ আন এজন যুৱনেতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মৃদুল মালাকাৰ কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান কৰ্মী। সম্প্ৰতি তেখেতেওঁ হাজোত আৰম্ভ কৰিছে প্ৰাৰ্থীত্ব কেন্দ্ৰীক কুছকাৱাজ। হাজোৰ আন এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা নূৰ মহম্মদে হাজোৰ বিভিন্ন অঞ্চলত আগবঢ়াই আহিছে ৰাইজৰ সেৱা। হাজো কংগ্ৰেছত তেওঁৰো ভূমিকা অনবদ্য লগতে ‘কা’ৰ পৰা কংগ্ৰেছী হোৱা জনপ্ৰিয় গায়ক তথা হাজোৰ যুৱক নেকিবৰ নামো ওলাইছে হাজোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰৰ তালিকাত। এতিয়া সময়েহে কৱ কোন হৱ হাজো কংগ্ৰেছৰ পৰৱৰ্তী ধ্বজাবাহক।

Leave a Reply

Your email address will not be published. Required fields are marked *